Strategy to prepare for CUET exam both UG and PG.
ৰ'দৰ পৰা কেনেকৈ ৰক্ষা কৰিব আপোনাৰ মুখমণ্ডল আৰু শৰীৰ? Premature Wrinkles Sunburn বৰষুণৰ বতৰত আমি ৰেইনকোট বা ছাটি এটা লৈ বাহিৰলৈ ওলাওঁ বৰষুণত তিতাৰ ভয়ত কিন্তু ৰ'দ বতৰত আমি অনাই বনাই ঘূৰি ফুৰো। যাৰ ফলত সূৰ্যৰ পৰা ওলোৱা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ বাবে আমাৰ ছালত Sunburn, কম বয়সতে মুখত বলিৰেখা (Wrinkles) ওলোৱা আদি সমস্য়াই দেখা দিয়ে। আনকি কিছুমান ৱৈজ্ঞানিক গৱেষণাই দাবী কৰে যে অত্য়াধিক সময় ৰ'দত থাকিলে ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে আমি ঘৰৰ বাহিৰ ওলোৱাৰ আগমূহুৰ্তত কিছুমান সতৰ্কমূলক কাম কৰি লোৱা উচিত যাৰ দ্ৱাৰা ৰ'দৰ পৰা হব পৰা এই সমস্য়াসমূহৰ পৰা দূৰত থাকি 8 পাৰি । আজিৰ এই লেখাটোত আমি ৰ'দৰ পৰা ৰক্ষা পোৱাৰ উপায় কিছুমানৰ বিষয়ে আলোচনা কৰিমঃ প্ৰতিদিনে ছানস্ক্ৰীন (Sunscreen) ব্য়ৱহাৰ কৰক : বাহিৰলৈ ওলোৱাৰ কমেও ১৫-২০ মিনিট মান অগতেই শৰীৰৰ ৰ'দ পৰিব পৰা অংশত ছানস্ক্ৰীন ব্য়ৱহাৰ কৰিব লাগে । ছানস্ক্ৰীনে ক্ষতিকাৰক অতি বেঙুণীয়া ৰশ্মিৰ পৰা আমাৰ ছালখনক ৰক্ষা কৰে। সূৰ্যৰ পৰা ওলোৱা এই ৰক্ষতিকাৰক ৰশ্মিসমূহে ছালপোৰা (Sunburn)...